ক) আমি চৰাইৰ দৰে উৰিব শিকিছোঁ, মাছৰ দৰে সাতুৰিব শিকিছোঁ কিন্তু পৃথিৱীত ভাতৃৰ দৰে বসবাস কৰিব শিকা নাই ।
খ) পৃথিৱীত সবাতোকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা, আৰু সবাতোকৈ কঠিন কাম নিজক সংশোধন কৰা ।
গ) মৰম মানে নহয় সোণৰে কাৰেংঘৰ অই, ধুমুহা আহিলে সিও যে নাথাকে ৰৈ ।
ঘ) যি সকল লোকে ছাতি ব্যৱহাৰ কৰে, কেতিয়াও তেওঁলোক অন্তৰংগ হব নোৱাৰে বৰষুণৰ সৈতে ।
ঙ) সকলো কৃষ্ণচূড়া এদিন সৰি পৰে মৰহি, সকলো কথাই এদিন হৈ পৰে পুৰণি, অৱশ্যে সোঁৱৰণি হৈ নপৰে সকলো…
চ) তোমাৰ বাবেই এদিন মই চুব বিচাৰিছিলোঁ আকাশ, আৰু চুলোঁ, কিন্তু অৱশেষত আহি আহি হেৰুৱাই পেলালোঁ তোমাক, এতিয়া মই সেই আকাশ নীলৰে কি কৰিম কোৱা…?